Search Engine Optimization : How to do SEO Assamese 2023

আপুনি বাৰু ইউটিউব ভিডিঅ বনাই নিকি? ইউটিউবাৰ হোৱাৰ সপোন মনত পুহি ৰাখিছে নিকি, আপুনি বনোৱা ভিডিঅ বোৰত কেৱল ১০ ৰ পৰা ১০০ বা ২০০- ৩০০ ভিউ আহে নিকি? ভিউ আহিলেও  চাবচক্ৰাইৱ কৰিবৰ বাবে আপুনি বহুবাৰ কোৱাৰ পাছটো ছাবচক্ৰাইবাৰ বৃদ্ধি হোৱা নাই নিকি?

তেন্তে আপুনি সঠিক সময়ত সঠিক ঠাইলৈ আহিছে। আমি আমাৰ অভিজ্ঞতাৰ পৰা আজি এনে ধৰণৰ সমস্যা সমূহৰ সমাধান আপোনালোকৰ আগত দিবলৈ যত্ন কৰিছো। ইউটিউৱে হওক বা আন কোনো ধৰণৰ এপ্লিকেচনেই হৱক আপোনাৰ মোৰ দৰে ব্যক্তি যি প্ৰথম বাৰৰ বাবে অনলাইনত কিবা এটা কৰিবলৈ যত্ন কৰো তেতিয়াই আমি এই এপ্লিকেচন বোৰত ব্যৱহৃত হৈ থকা আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ আৰু এলগৰিঠিম সমূহৰ তৃক্ষ্ণ নজৰৰ সম্মূখীন হৱ লগা হয়।

এই এলগৰিথিম সমূহে বিভিন্ন ধৰণে আমাৰ দ্বাৰা অনলাইনত এৰি দিয়া তথ্য সমূহ বিশ্লেষণ কৰে, এই বট সমূহে মানুহৰ কোনো ধৰণৰ ভাষা বুজি নাপায়। ইহতে কেৱল বুজি পায় কম্পিউটাৰত ব্যৱহাৰ হোৱা ভাষা সমূহ, যেনে জাভা, এইচ টি এম এল আদি।

এই সমূহে আমাৰ দ্বাৰা প্ৰদান কৰা তথ্য সমূহ উপৰ্যুপৰি বিশ্লেষন কৰে, এনেধৰণৰ উপযুক্ত বিশ্লেষনৰ বাবে আমি ইহতক ইহতৰ ভাষাত কিছু সংকেট প্ৰদান কৰাটো অতি জৰুৰী। তেতিয়াহে আমাৰ তথ্য সমূহ ইহতে গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰে।

এনেধৰনৰ ব্যৱস্থাক কোৱা হয় Search Engine Optimization (SEO)। এচ চি অ কৰিলেহে ইউটিউব, গূগল, বিং আদি চাৰ্চ ইঞ্জিন সমূহে আমাৰ দ্বাৰা প্ৰদান কৰা তথ্য সমূহ বুজি পাবলৈ সক্ষম হয়। উদাহৰণ স্বৰূপে আমাৰ এই লিখনি আমাৰ সাধ্যানুসাৰে আমি এচ ই অ কৰিবলৈ চেষ্টা কৰিছো, যদি এই লিখনি সঠিক ভাৱে কৰা নহল হয় তেন্তে আপুনি এই লিখনি পঢিবলৈ সক্ষম নহৱ।

এলগৰিঠিম সমূহে যেতিয়াই এই লিখনি চাবলৈ আহিব তেতিয়াই আমি প্ৰদান কৰা সাংকেটিক চিহ্ন আৰু আন আন সকলো দিশ অধ্যয়ন কৰি ৰাইজৰ মাজলৈ ইয়াক আগবঢাই দিব। এলগৰিঠিম সমূহে কেনেধৰণে কাৰ্য সম্পাদিত কৰে বিভিন্ন উৎস তথা আমাৰ অভিজ্ঞতাৰ পৰা কিছু তথ্য আমি এই লিখনিত প্ৰকাশ কৰিছো।

এই বট সমূহৰ কাৰ্য কৰাৰ ধৰণ-

এই বট সমূহ পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্তৰ আধাৰত পৰিচালিত হয়।

এই সমূহে ইউটিউবে হৱক আন প্লেটফৰ্ম সমূহৰ লাভৰ ওপৰত পৰিচালিত হয়।

গ্ৰাহক অৰ্থাৎ যি সকল ব্যক্তিয়ে আপোনাৰ দ্বাৰা প্ৰদান কৰা তথ্য সমূহ পৰিদৰ্শন কৰিব তেওলোকৰ ইচ্ছা আগ্ৰহ আদিৰ প্ৰতি এলগৰিথিম সদায় দায়বদ্ধ। উদহৰণ স্বৰূপে আপুনি যদি অসমীয়া চিৰিয়েল চাই ভাল পাই এলেগৰিঠিমে অসমীয়া চিৰিয়েলৰ এক বুজন সংখ্যক ইপিচড আপোনাৰ আগত ডাঙি ধৰিব।

বট সমূহে ভিডিঅ প্ৰচাৰ কৰা সকলতকৈ দৰ্শন কৰা সকলৰ প্ৰতি বেছি দায়বদ্ধ।

কম বা বেছি পৰিমানে অভিজ্ঞতা অনুযায়ী ইহতক কন্ট্ৰোল কৰা সম্ভৱ।

আগেয়ে নোপোৱা বা অনলাইনত উপলব্ধ নোহোৱা বস্তুৰ প্ৰতি ইহঁ‌ত সহজে আকৰ্ষিত হয়। ঠিক সেইদৰে আগতে থকা বস্তুৰ প্ৰতি ইহতে অনিহাস দেখুৱাই, লাগিলে আপুনি যিমানেই সুন্দৰকৈ উপস্থাপন নকৰক।

প্ৰকাশ কৰা তথ্য সমূহ ইহঁ‌তে দুই তিনি জনক প্ৰথমে দেখুৱাই পৰীক্ষা কৰে যদি কোনো ধৰণৰ অগ্ৰহ সেই সকলৰ পৰা দেখা নাপায় তেন্তে আপোনাৰ দ্বাৰা প্ৰকাশ কৰা তথ্য সমূহ ই শেষৰ কোনো চুকত পেলাই থয়, যাতে কোনেও ইয়াক চাব নোৱাৰে।

এলগৰিঠিম সমূহৰ প্ৰায় সকলো দিশ জনাৰ পাছত আমি আলোচনা কৰিম, এই সমূহক কেনেধৰণে আমি কণ্ট্ৰল কৰিব পাৰো আৰু আমাৰ তথ্য সমূহ আনলিমিটেড ব্যক্তিৰ মাজলৈ লৈ যাৱ পাৰো।

ইয়াৰ বাবে লাগিব আমাক প্ৰচুৰ এচ চি অ জ্ঞান আৰু দৰকাৰ হৱ প্ৰচুৰ সময়, আমি কোনো এটা ভিডিঅ বা তথ্য প্ৰকাশ বা স্ংগ্ৰহ কৰোতে যিমান সময় ব্যয় কৰিছো তাতকৈ দুগুণ সময় দিব লাগিব এই সমূহ এচ চি অ কৰা কাৰ্যত। তলত বিভিন্ন উপায় সমূহ বিতং ভাৱে আলোচনা কৰা হ’ল-

১) তথ্যৰ মৌলিকতা আৰু প্লেগাৰিজম ফ্ৰী- অনলাইনত প্ৰকাশ কৰা তথ্য সমূহ একান্তই মৌলিক আৰু কপি ৰাইট ফ্ৰী হোৱা বাঞ্চনীয়। এলগৰিঠিম সমূহক এনেধৰণে ডিজাইন কৰা হৈছে যে ইহতে প্ৰতি মূহূৰ্ততে নতুন নতুন তথ্যৰ বাবে ভোকাতুৰ হৈ থাকে। নতুন আৰু ইউনিক তথ্য সমূহ পোৱা লগে লগে ইহত সন্তুষ্ট হয়, আপোনাৰ ব্লগ বা ভিডিঅৰ প্ৰতি আকৰ্ষিত হয়। আৰু এই সমূহ গ্ৰাহকৰ মাজলৈ বিলাই দিয়ে। গতিকে যিকোনো ধৰনৰ প্ৰকাশ কৰা তথ্য সমূহত নতুনত্ব আনিবলৈ যত্ন কৰক।

২) তথ্যৰ কোৱালিটি আৰু বিশ্বাস যোগ্যতা- তথ্য সমূহ প্ৰফেচনেল আৰু উন্নত মাণডণ্ডৰ হোৱা উচিৎ। মাণডণ্ডবিহীন তথ্য সমূহৰ প্ৰচাৰ কৰিবলৈ এলগৰিঠিম সমূহ অপৰাগ হয়। বিশ্বাস যোগ্যতাৰ বাবে প্ৰথমে আপোনাৰ তথ্য সমূহ এলগৰিঠিমে বিশ্বাস কৰিবলৈ টান পাই। দুই এজন ব্যক্তিক দেখুৱাই পাছলৈ ইয়াক ইউজাৰৰ ভিউ অনুযায়ী নিম্নগামী কৰি থয়। এলগৰিঠিমৰ বিশ্বাস ভাজন হৱৰ বাবে কমেও ছয় মাহৰ সময় দৰকাৰ হয়। এই ছয় মাহত আপুনি কেৱল উচ্চ মানডণ্ডৰ তথ্য প্ৰকাশ কৰি থাকিলেই হ’ল।

৩) তথ্য সমূহৰ প্ৰয়োজন- ওপৰত প্ৰদান কৰা উপায় সমূহৰ ওপৰি আন এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে প্ৰদান কৰা তথ্য সমূহৰ ইউজাৰৰ প্ৰয়োজনীয়তা। যদি কোনো তথ্য গ্ৰাহকৰ বাবে প্ৰয়োজনীয় নহয়, গ্ৰাহকে বিচৰা নাই তেন্তে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ এলগৰিঠিম ইচ্ছুক নহয়। উদাহৰণ স্বৰূপে প্ৰচুৰ গৰম দিনত যদি আপুনি অতি সুন্দৰ আৰু আকৰষণীয় চুৱেটাৰ প্ৰস্তুত কৰি বিক্ৰী কৰিবলৈ লয়, নিচ্ছিত ভাৱে এই সমূহ যিমান ভাল কোৱালিটিৰ হলেও বিক্ৰি কৰিবলৈ অসমৰ্থ হৱ। সঠিক সময়ত সঠিক তথ্য প্ৰকাশ কৰাটো অতি জৰুৰী। তথ্যৰ চিনাক্তকৰণ কিদৰে কৰিব আমি পাছৰ পৰ্যায়ত আলোচনা কৰিম।

৪) আপেক্ষা আৰু কামৰ ধাৰাবাহিকতা- আপোনাৰ তথ্যৰ প্ৰচাৰৰ বাবে বহু সময়ত আপেক্ষা কৰা দৰকাৰ, এনে নহয় যে আজি আপুনি কোনো এটা ভিডিঅ আপলোড কৰিলে আৰু লগে লগে ই ভাইৰেল হৱ। ভাৱক দিনটোত কেইটা ভিডিও ভাইৰেল হয়, আৰু কিমান কোটি ভিডিও আপলোড হয়। সেয়েহে আপেক্ষা কৰা দৰকাৰ। প্ৰচাৰ নহলেও আপুনাৰ কামৰ ধাৰাবাহিকতা ৰখাটো প্ৰয়োজন তেতিয়া এলগৰিথিমে এটা পজিটিভ মেচেজ পাৱ আৰু পাছলৈ আপোনাৰ তথ্য প্ৰচাৰ কৰাত বাধ্য হৈ পৰিব।

৫) পৰ্যবেক্ষণ আৰু প্ৰতিক্ৰিয়া- আপুনি অনলাইনত বিভিন্ন তথ্য প্ৰকাশ কৰি পৰ্যবেক্ষন কৰিব পাৰে, আৰু বিভিন্ন পৰীক্ষা নীৰীক্ষা কৰিব পাৰে, এটা সময়ত আপুনি দেখিৱ আৰু বুজি উঠিৱ যে কেনেধৰণৰ তথ্য সমূহ গ্ৰাহকৰ মাজলৈ বেছি গৈছে, তেনে ধৰণৰ তথ্য সমূহত বেছি পৰিমানে কাম কৰিলে সুফল পাৱ। ইয়াৰ বাবে সময়ৰ প্ৰয়োজন হৱ।

৬) এচ ই অ অপ্টিমাইজেচন – এচ ই অ এক অতি প্ৰয়োজনীয় আৰু উল্লেখযোগ্য উপায়। ইয়াৰ দ্বাৰাই আমি কেনেধৰণৰ তথ্য প্ৰকাশ কৰিছো এলগৰিঠিম সমূহক সংকেট প্ৰদান কৰো।  প্ৰত্যেক চাৰ্চ ইঞ্জিনৰ চফটৱেৰ সমূহ পৃথক হলেও বহু ক্ষেত্ৰত ইহতৰ মিল আছে। এচ ই অৰ বাবে কিৱৰ্ড সমূহৰ বাচনি কৰা দৰকাৰ। উপযুক্ত কীৱৰ্ডৰ জৰিয়তে তথ্য সমূহ প্ৰচাৰ কৰিলে এলগ’ৰিঠিমে আগ্ৰহী গ্ৰহকৰ ওচৰলৈ তথ্য সমূহ লৈ যোৱাত সুবিধা পায়। তথ্যৰ টাইটল চিনাক্তকৰণত কীৱৰ্ড সমূহ দাখিল কৰিব লাগে, নিজৰ ইচ্ছা মতে কোনো ধৰণৰ শব্দ বা নম্বৰ সন্নিৱিষ্ট কৰিব নালগে। কী-ৱৰ্ড অধ্যয়নৰ বাবে বিভিন্ন চফটৱেৰ পোৱা যায় ইয়াৰে প্ৰায় সংখ্যকে পেইড। বিনামূলীয়াকৈ কৰিব পৰা ছফটৱেৰ সমূহৰ পৰা বিশেষ ভাল ফলাফল পোৱা নাযায়।

বিনামূলীয়াকৈ কীৱৰ্ড ৰিচাৰ্চ কৰিবৰ বাবে গুগলৰ অফিচিয়েল টুল গুগল ট্ৰেণ্ডচৰ সহায় লব পাৰে। ই এক অতি বিশ্বাসযোগ্য আৰু উচ্চ মানডণ্ডৰ চফটৱেৰ।  বৰ্তমান সময়ত বা পূৰ্বৰ পাঁচত কৈ অধিক বছৰ একাডিক্ৰমে প্ৰচলন হৈ থকা কীৱৰ্ড সমূহৰ তথ্য ইয়াত উপলব্দ্ধ হয়। ইয়াত সাপ্তাহিক, মাহেকীয়া আৰু আজিৰ দিনত ট্ৰেণ্ডিঙত থকা সকলো টপিক প্ৰকাশ কৰা হয়। এনে টপিক সমূহৰ পৰা কীৱৰ্ড ব্যৱহাৰ কৰিলে ভিডিঅ সমূহ ভাইৰেল হোৱাটো প্ৰায় নিশ্চিত।

উদাহৰণ স্বৰূপে ক্ৰিকেট বিশ্বকাপ চলি থকা সময়ত প্ৰায় মানুহে ক্ৰিকেট খেলৰ বিষয়ে জানিবলৈ গুগলত চাৰ্চ কৰে, তেনে সময়ত ক্ৰিকেট খেলৰ বিভিন্ন তথ্য সমূহে সমাদৰ লাভ কৰিব, সেই সময়ত ফুটবল বা হকীৰ বিষয়ে তথ্য প্ৰকাশ কৰিলে ই দৰ্শকৰ সহাঁ‌ৰী লাভ নকৰিব। সেয়েহে কীৱৰ্ড আৰু টপিক সমূহ গুগল ট্ৰেণ্ডচৰ পৰা বাচনি কৰাটো দৰকাৰী। টাইটল বা নাম বাচনিৰ পাছতে Description বা বৰ্ণনাত সেই একে ধৰণৰ সামজঞ্চ্য থকা বিষয় সমূহ উপস্থাপন কৰা দৰকাৰ।

অদৰকাৰী বিষয় বস্তু কেতিয়াও লিখিব নালগে। বৰ্ণনাত #টেগৰ ব্যৱহাৰ কৰিব লাগে, যাতে বিশেষ আগ্ৰহ থকা দৰ্শক সমূহৰ মাজলৈ প্ৰচাৰ কৰা তথ্য সমূহ যাব পাৰে। এই # টেগ সমূহো বিষয় বস্তুৰ লগত মিল থকাটো একান্তই বাঞ্চনীয়। এই বৰ্ণনাত আন আন বিভিন্ন ভিডিঅ সমূহৰ লিংক উল্লেখ কৰিব পাৰে, যাতে দৰ্শক সকলে ইয়াৰ যোগেদি তেওঁ‌লোকৰ ইচ্ছা অনুসৰি আন ভিডিঅ সমূহো দৰ্শন কৰিব পাৰে। ইয়াৰ ওপৰিও চচিয়েল মিডিয়াৰ লিংক সমূহ উল্লেখ কৰিলে দৰ্শক সমূহে আপোনাৰ বিষয়ে অধিক জানিব পাৰিব আৰু লাহে লাহে ফেচ ভেল্যু আৰু ব্ৰেণ্ড ভেল্যু বৃদ্ধি হৱ। পাছলৈ এইসমূহৰ যোগেদিয়েই আপোনাৰ ব্লগ বা চেনেললৈ দৰ্শকৰ সোঁত বৱ।

এচ ই অৰ আন এক উল্লেখযোগ্য অংশ হৈছে টেগ নিৰ্বাচন কৰা আৰু এই সমূহ নিৰ্দিষ্ট স্থানত বহুওৱা। টেগ সমূহে আপোনাৰ ভিডিও বা ব্লগৰ প্ৰচাৰত এক মূখ্য ভূমিকা পালন কৰে। উপযুক্ত টেগ নিৰ্বাচন কৰিবৰ বাবে পুনৰ কীৱৰ্ড নিৰ্বাচন কৰা দৰকাৰ।

ইউটিউবাৰ হ’ৱ খোজা সকলে টিউব বাদী নামৰ চফটৱেৰ ইনচটল কৰি নিজৰ নিজৰ ভিডিঅ সমূহ এচ ই অ কৰাৰ লগতে আন আন জনপ্ৰিয় ভিডিঅ সমূহৰ প্ৰচাৰক সমূহে কেনেধৰণে এচ চি অ কৰিছে চাব পাৰে। ইউটিউবত কোনো এটা প্ৰচলন হৈ থকা ভিডিঅৰ এচ ই অ অধ্যয়ন কৰি ইয়াত থকা খুটি নাতি সমূহ নিৰ্ধাৰণ কৰি একে বিষয়েৰে আন এটি উচ্চ মাণদণ্ডৰ ভিডিও প্ৰস্তুত কৰি প্ৰকাশ কৰিব পাৰে। এনে কৰিলে প্ৰচলিত ভিডিওৰ তুলনাতকৈ এলগ’ৰিথিমে নতুন ভিডিঅ টোক বেছি প্ৰাধান্য দিব।

এচ ই অ এক অতি বৃস্তিত বিষয় সময়ে সময়ে বিভিন্ন আপডেট সমূহত ই পৃথক হৈ থাকে। ইয়াক আলোচনা বা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। যদি এই তথ্য সমূহ বিস্তৃত ভাৱে আলোচনা কৰিব লাগে তেন্তে তলত অনুগ্ৰহ কৰি কমেণ্ট কৰিব, আমি আন এটা লেখা পুনৰ প্ৰকাশ কৰিম।

৭) ইউজাৰৰ ভিউ- ইউজাৰ বা গ্ৰাহকৰ আগ্ৰহ তথা ৰুচি অনুযায়ী এলগ’ৰিথিমে তথ্য সমূহ গ্ৰাহকৰ আগত উপস্থাপন কৰে। গ্ৰাহকৰ মনোগ্ৰাহী নহলে ভিডিও সমূহে প্ৰসাৰ লাভ কৰিবলৈ অসমৰ্থ হয়।

৮) থাম্বনেইল- মনোগ্ৰাহী আৰু ক্লিকেবল থাম্বনেইল ব্যৱহাৰ কৰিলে দৰ্শকে সেই ভিডিঅ সমূহ চাবলৈ মন কৰে। অধিক আকৰ্ষনীয় আৰু সুন্দৰ সৃজনী মূলক থাম্বনেইলৰ বাবে ভিডিঅ সমূহৰ দৰ্শক বৃদ্ধি পাই।

উদাহৰণ স্বৰূপে- নয়ন নীলীমে ঘৰলৈ এটি বিলাতি কুকুৰ কিনি আনিলে, সেই তথ্যটি সাধাৰণ ভাৱে প্ৰচাৰ কৰিলে দৰ্শকে বৰ বিশেষ আকৰ্ষণ বোধ নকৰিব, ইয়াৰ পৰিবৰ্তে যদি লিখা হয়, “নয়ন নিলীমৰ ঘৰলৈ আহিল নতুন সদস্য” তেতিয়া দৰ্শকৰ উচ্ছুকতা বৃদ্ধি পাৱ, আৰু চাবলৈ বিচাৰিব। বৰ্তমান সময়ত আকৌ কিছু সংখ্যকে অতিৰঞ্জিত কৰি এনে ধৰণে লিখিব পাৰে “নয়ন নীলিমৰ ঘৰত নতুন সদস্য, পাতিলে নিকি নয়ন নীলিমে বিয়া?” এনে কৰিলে দৰ্শকৰ আকৰ্ষন বৃদ্ধি পাৱ কিন্তু তথ্যৰ বিশ্বাসযোগ্যতা হ্ৰাস পাৱ, ইচ্ছুক দৰ্শকে অলপ সময় ভিডিওটি চাই দিচলাইক কৰি লেফট মাৰিব। এনে কৰিলে এলগৰিথিমে গম পাৱ যে ভিডিঅটো আকৰ্ষণীয় নহয়, আৰু ভিডিও টি নিম্ন গামী কৰিব। সেয়েহে থাম্বনেইল প্ৰস্তুতৰ সময়ত অধিক মনিযোগ প্ৰদান কৰা দৰকাৰ।

৯) গোপনীয়তা- যিকোনো তথ্য অনলাইনত প্ৰকাশ কৰোতে গোপনীয়তা বজাই ৰাখিব লাগে। চিনাকী ব্যক্তিৰ পৰা এই সমূহ দূৰত ৰখোৱাই ভাল। চিনাকী ব্যক্তিয়ে প্ৰায়ে উৎসাহ প্ৰদান কৰাৰ পৰিবৰ্তে বিভিন্ন প্ৰকাৰে নিৰুৎহাস কৰে। ব্যংগ্যাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰে। সেই একে খিনি ব্যক্তিয়ে পাছলৈ সফল হোৱাৰ পাছত আপোনাক তুষামোদ কৰিব। কিন্তু প্ৰথম পৰ্যায়ত কেতিয়াও আপোনাৰ উন্নয়ন হোৱাটো নিবিচাৰিব। এইয়া মানুহৰ এক স্বাভাৱিক গুণ।

তেওঁ‌লোকে আপোনাৰ তথ্য সমূহ ক্লিক কৰিব আৰু অপ্ৰয়োজনীয় বুলি ভাৱি লেফট মাৰিব, তেতিয়াই আপোনাৰ বিপদ আৰম্ভ হৱ। সেয়েহে আপোনাৰ তথ্য চিনাকী মানুহক চেয়াৰ নকৰিব। প্ৰয়োজন থকা সকলে নিজে বিচাৰি আহিব। তথ্য কিমানে চাইচে সেইয়া অধিক প্ৰয়োজন নহয়, কিমান সময় চাইচে ইয়াৰ পৰাই তথ্যৰ মাণডণ্ড নিৰ্ধাৰিত হয়। লাগিলে এজন ব্যক্তিয়ে চাৱক কিন্তু সম্পূৰ্ণ ভাৱে চাৱক, তেতিয়াহে লাভাম্বিত হৱ।

১০) কৌশল- কৌশলী ব্যক্তি সকলে অধিক সোনকালে সফল হয়। যি সকলে এই সমূহ বিষয় অধ্যয়ন কৰি আহিছে তেওলোক তুলনা মূলক ভাৱে বেছি স্মাৰ্ট ভাৱে তথ্য সমূহ উপস্থাপন কৰিব পাৰে। কৌশল আৰু উপস্থাপন শৈলী লাহে লাহে বৃদ্ধি হৱ, নিজৰ তথ্য সমূহ পুনৰ বাৰ নিজে চাই ইয়াত থকা ক্ৰুটি সমূহ উলিয়াই পাছলৈ এনে ভুল সমূহ নকৰিবলৈ যত্ন কৰিব লাগে। তথ্য উপস্থাপন কৰোতে একপ্ৰকাৰ আত্মবিশ্বাসী হোৱা দৰকাৰ। ইয়াৰ বাবে লাগিব অভিজ্ঞতা জ্ঞান আৰু প্ৰচুৰ অনুশীলন।

ওপৰত বহু বিষয় সন্নিৱিষ্ট কৰা হ’ল যদিও আন বহু বিষয় ৰৈ গ’ল, অনাগত দিনত এই সমূহ পুনৰ লিখিবলৈ যত্ন কৰিম, কোনো ধৰণৰ এচ ই অ ৰ সহায়ৰ বাবে আমাক যোগাযোগ কৰিব পাৰে। আমি বৰ্তমান সময়ত বিনামূলীয়াকৈ এচ ই অ কৰিবলৈ চেষ্টা কৰিছো।

READ MORE ARTICLES- CLICK HERE

Leave a Comment