INCLUSIVE EDUCATION ASSAMESE । অন্তভুক্তিকৃত শিক্ষা B.ED AND D.EL.ED ASSAM 2022

INCLUSIVE EDUCATION ASSAMESE B.ed and D.El.Ed Assamese সামগ্ৰীক শিক্ষা, অন্তভুক্তিকৃত শিক্ষা ব্যৱস্থা, অন্তভুক্তিকৃত শিক্ষাৰ নীতি বিদ্যালয়ত ইয়াৰ প্ৰয়োগ, সুবিধা আৰু অসুবিধা, Principles of inclusive Education in Assamese for b.ed and D.el.ed new curriculum 2022. Gauhati University Dibrugarh University SCERT. INCLUSIVE EDUCATION ASSAMESE।

অন্তভুক্তিকৃত শিক্ষাৰ অৰ্থ হৈছে শিক্ষাৰ ক্ষেত্ৰখনত কোনো ধৰণৰ বৈষম্য নথকা এক ব্যৱস্থা। য’ত জাতি, ধৰ্ম, বৰ্ণ, লিংগ, নিৰ্বিশেষে সকলো পৰ্যায়ৰ শিশুকে নিয়মিত বা সাধৰণ বিদ্যালয়লৈ স্বাগতম জনোৱা হয়। শিশুৰ কোনো ধৰণৰ অক্ষমতাৰ প্ৰতি দৃষ্টি নৰখাকৈ সকলো শিশুকে এই প্ৰক্ৰিয়াৰ সহায়ত শিক্ষা গ্ৰহণৰ সউবিধা দিয়া হয়। শিশুসকলে শ্ৰেনীৰ আন আন শিশু সকলৰ সৈতে শৈশিক কাৰ্য সমূহত অংশগ্ৰহণ কৰা পূৰ্ণ সুবিধা লাভ কৰে।

INCLUSIVE EDUCATION ASSAMESE DOWNLOAD FULL PDF

INCLUSIVE EDUCATION ASSAMESE

এই ব্যৱস্থাৰ ফলত শাৰিৰীক বা আন কোনো প্ৰকাৰে বাধগ্ৰস্থ শিশু সকলে কোনোধৰণৰ বিশেষ পৰিৱেশত বিশেষ ধৰণৰ শিক্ষা লাভ কৰিব লগা নহয়। যেতিয়া কোনো দিশত অক্ষম শিশুক বিদ্যালয় পৰিৱেশৰ মূলসূতিৰ লগত সংলগ্ন কৰা হয় তেতিয়া বিদ্যালয় সমূহে শিশুৰ প্ৰয়োজন অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। এই ব্যৱস্থাত ব্যক্তি পাৰ্থক্য আৰু অভিভাৱকৰ আশা আকাংক্ষাক আওকান নকৰে।

মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে প্ৰস্তুত কৰা ২০০৩ চনৰ খচৰা আঁচনিত অন্তভুক্তিকৃত শিক্ষাৰ সংজ্ঞা এনেদৰে দিয়া হৈছে- ” অন্তভুক্তিকৃত শিক্ষাৰ অৰ্থ হ’ল, সকলো বিদ্যাৰ্থী, সক্ষম বা অক্ষম যিয়েই নহওঁক প্ৰত্যেক শিশুৱে সাধাৰণ শিক্ষাৰ সুবিধা পাব, লগতে বিদ্যালয় আৰু সম্প্ৰদায়ৰ সকলো শৈক্ষিক সুবিধা যথাযোগ্য সহায়ক সেৱা লাভ কৰিব।”

INCLUSIVE EDUCATION ASSAMESE

যিকোনো চাকৰিৰ তথ্যৰ বাবে ভিজিত কৰক- Visit Now

মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ সংজ্ঞাটোৰ পৰা কেইটামান কথা স্পষ্ট হয়-

১) অন্তভুক্তিকৃত শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া, যাৰ দ্বাৰা অসক্ষম বা বিশেষ শিক্ষাৰ প্ৰয়োজন থকা বিদ্যাৰ্থীসকলক বিদ্যালয়ৰ মূল সূতিলৈ অনা হয়।

২) সাধাৰণ শৈক্ষিক পৰিৱেশ আৰু কাৰ্যাৱলীৰ মাজত বিদ্যালয়ে বিদ্যাৰ্থীৰ ব্যক্তিগত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বিশেষ সুবিধা আগবঢ়াৱ লাগে।

৩) এই শিক্ষাই বিদ্যাৰ্থীৰ ধৰণ আৰু সিহঁতৰ শিক্ষা গ্ৰহণৰ ক্ষমতা অনুযায়ী যথাযোগ্য সহায়ক সেৱাৰ সুবিধা সৃষ্টি কৰিব লাগে, আৰু বিদ্যালয় পুনৰীক্ষনৰ দ্বাৰা শিক্ষা ব্যৱস্থাৰ সৈতে বিদ্যাৰ্থীক সমাযোজন কৰোৱাৰ পৰিৱৰ্তে শিশুসকলৰ প্ৰয়োজন পুৰাবলৈ চেষ্টা কৰিব লাগে।

ওপৰৰ আলোচনাৰ পৰা বুজা যায় যে অন্তভুক্তিকৃত শিক্ষাৰ লক্ষ্য হৈছে সকলো শিশুৰে শাৰিৰীক, সামাজিক, আৰু মনোভাৱমূলক বাধা সমূহ আতৰ কৰা। ইয়াৰ মতে অক্ষমতা এক সামাজিক দায়বদ্ধতা, আৰু ইয়াক সকলোৱে স্বৃকাৰ কৰা উচিৎ।

বিদ্যালয়ত অন্তভুক্তিকৃত শিক্ষা কেনেদৰে প্ৰণয়ন কৰিব পাৰি?

প্ৰথম কথা বিদ্যালয়ত নাম ভৰ্তি প্ৰক্ৰিয়াত কোনো ধৰণৰ নিৰ্বাচন কাৰ্যৰ দ্বাৰা অক্ষমতা থকা বিদ্যাৰ্থীক অগাহ্য কৰিব নালাগিব। দ্বিতীয়তে সকলো ধৰণৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ যাৱতীয় সা-সুবিধাৰ ব্যৱস্থা কৰিব লাগিব। বিশেষভাৱে সক্ষম শিশু সকলক বিদ্যালয় গ্ৰহণ কৰিব পৰাকৈ নীতি-নিয়মৰ ব্যৱস্থা কৰা। অন্তভুক্তৃৰ এই নীতি সমগ্ৰ শিক্ষা প্ৰক্ৰিয়াত প্ৰয়োগ কৰিব লাগিব। INCLUSIVE EDUCATION ASSAMESE।

অন্তভুক্তিকৃত শিক্ষাৰ নীতি সমূহ-

১) ব্যক্তিগত পাৰ্থক্য- সকলো বিদ্যাৰ্থীৰ মাজত থকা আন্ত: আৰু অন্ত: ব্যক্তি পাৰ্থক্য বিদ্যালয়ত দূৰ কৰাৰ ব্যৱস্থা লোৱা। বিশেষ শিক্ষাৰ প্ৰয়োজন থকা শিশুসকলক শ্ৰেনীকৰণ কৰি তেওঁলোকৰ প্ৰয়োজন অনুসৰি উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰা।

২)শূন্য প্ৰত্যাখান- সকলো ধৰণৰ শিশু সক্ষম বা অসক্ষম যিয়েই নহওক প্ৰয়োজন অনুসৰি শিক্ষা লাভৰ অধিকাৰ প্ৰদান কৰা আৰু সাধাৰণ শ্ৰেনী কক্ষত তেওলোকৰ স্থান নিশ্বিত কৰাৰ ব্যৱস্থা।

৩) বিভেদহীন মূল্যায়ন- কোনো শিশুৰ প্ৰতি বৈষম্য মূলক আচৰণ নকৰি সকলোৱে সমদৃষ্টিৰে মুল্যায়ন কৰা, আৰু বিশেষ শিক্ষাৰ প্ৰয়োজন থকা শিশু সকলক চিনাক্ত কৰি শ্ৰেনীকক্ষত তেওলোকৰ উপযুক্ত সুবিধা নিশ্বিত কৰা।

৪) নূন্যতম সীমাবদ্ধতামূলক পৰিৱেশ- সাধাৰণ শ্ৰেনী কোঠাৰ শিক্ষাত সকলো শিশুকে নূন্যতম সীমাবদ্ধতামূলক পৰিৱেশ প্ৰদান কৰা।

অন্তভুক্তিকৃত শিক্ষাৰ সুবিধা সমূহ-

১) এনে ব্যৱস্থাই বিদ্যাৰ্থী সকলক সমাজৰ সকলো লোকৰে মূল্য আৰু স্থান সমান।

২) ই বিদ্যাৰ্থী সকলৰ মাজত এনে এক সন্মানজনক পৰিৱেশৰ সৃষ্টি কৰে যাৰ ফলত সকলো শিশুৱে অনুভৱ কৰে যে সমাজ এখনৰ বিকাশত সমাজৰ প্ৰত্যেকজন ব্যক্তিৰে অৰিহনা আছে।

৩) এই ব্যৱস্থাই ভীতিগ্ৰস্থতা হ্ৰাস কৰি বুজাপৰা আৰু সন্মান বৃদ্ধি কৰে। শিশু সকলক সহনশীল, ব্যক্তি বৈষম্য আৰু মানুহৰ ব্যক্তিক্ৰমীতাৰ বিষয়ে জানিবলৈ সক্ষম হয়।

৪) ধৈৰ্য, সহানুভুতি, গ্ৰহণযোগ্যতা আদি গুন সমূহৰ বিকাশ সাধন হয়।

৫) বিশেষ প্ৰয়োজন থকা শিশু সকলক সামাজিক আদান প্ৰদানৰ সুবিধা প্ৰদান কৰে।

৬) শিক্ষক সকলে প্ৰায়েই তেওঁলোকৰ ছাত্ৰই উচ্চস্তৰীয় অৰ্হতা দেখুৱাটো বিচাৰে। তেওঁলোকে নিজৰ কৌশল আৰু পদ্ধতিক বিস্তৃত কৰাৰ সুবিধা পায়।

৭) বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি সমাজৰ প্ৰধান সূঁতিলৈ বিদ্যাৰ্থী সকল উভতি আহি উপযুক্ত ভুমিকা গ্ৰহণ কৰিবলৈ আন্তভুক্তিকৃত শিক্ষাই প্ৰস্তুত কৰি তোলে।

৮) এনে অভিযান সফল কৰি তোলাৰ ক্ষেত্ৰত অভিভাৱক আৰু সম্প্ৰদায়ক অংশীদাৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এই শিক্ষাইআনুপ্ৰেৰণা প্ৰদান কৰে। ইয়াৰ জৰিয়তে বিদ্যালয় আৰু সম্প্ৰদায়ৰ মাজত এক নিকট সম্পৰ্ক গঢ়ি উঠে।

আন তথ্যৰ বাবে ক্লিক কৰক- Click Here