লুখুৰাষণ বংশ, ঢকুৱাখনাৰ লুখুৰাষণীয়া সকলৰ ইতিহাস

লুখুৰাষণীয়া

লুখুৰাষণীয়া শব্দটো বুৰঞ্জী পুথিত উল্লেখ থকা লুখুৰাষণ শব্দৰ পৰাই আহিছে। বাৰঘৰীয়া আহোমৰ বিশেষ এঘৰ লুখুৰাষণ। লুখুৰাষণ শব্দৰ লগত ‘ইয়া’ প্ৰত্যয় যোগ হৈ লুখুৰাষণীয়া হৈছে।

ইতিহাসৰ পাতত লুখুৰাষণীয়া সকলৰ বিশেষ বৈশিষ্ট থকা দেখা যায়। তেওঁলোকে সাধাৰণ বনুৱাৰ পৰা নিজৰ কৰ্ম দক্ষতাৰ বলত আহোম ৰজাৰ বুঢাগোহাঁই, বৰগোঁহাই আৰু বৰপাত্ৰ গোঁহাই এই তিনিজনা মন্ত্ৰীৰ পাছতে বৰবৰুৱা আৰু বৰফুকন উপাধি লাভ কৰিবলৈ সক্ষম হৈছিল।

উদাহৰণ স্বৰূপে মোমাই তামুলী বৰবৰুৱা আৰু লাচিত বৰফুকনৰ নাম উল্লেখ কৰিব পাৰি। এই লুখুৰাষণীয়া বংশৰে বংশধৰ কামেশ্বৰ লুখুৰাখনীয়া নামৰ এজন লোক আছিল। তেওঁ আগৰ শিৱসাগৰ জিলাৰ শামদৈ পথাৰ , দ-আটী খাট, নাহৰণি টেপতলত ঘৰ আছিল।

ঢকুৱাখনাৰ লুখুৰাষণীয়া সকলৰ বুৰঞ্জী

তেওঁ পত্নী আৰু তিনিটি পুত্ৰক এৰি অকালতে মৃত্যু বৰণ কৰে। পুত্ৰ তিনিটি মাতৃৰ বুকুৰ মাজতে ডাঙৰ দীঘল হৈ ডেকা বয়স প্ৰাপ্ত হয়। মাতৃয়ে ডাঙৰ জন পুতেকৰ বিয়া পাতিবৰ বাবে অন্য এক পৰিয়ালৰ এজনী কন্যা খোজা মেলা কৰে।

সেই দিনৰ নীতি অনুসৰি ছোৱালী বিয়া কৰাই আনিবলৈ হলে এক দুই বছৰৰ আগৰ পৰা ছোৱালীৰ ঘৰত সৰু শৰাই দি জোঁৱাই খাটি দিব লাগে। তেনেদৰে জোঁৱাই খাটি থকা কালতে সৰুজন পুতেকৰ ভাৱি বৌৱেকৰ লগত ঘনিষ্টতা বৃদ্ধি পায় আৰু ভাৱি বৌৱেকক পলুৱাই লৈ যায়।

তেনে কাৰ্যত ডাঙৰ দুজন পুতেকে লাজ ও অপমানত ক্ষুন্ন হৈ এদিন এখন মেচী দা ধাৰ দি লৈ এখন আগলি কলপাট থৈ মাকক ক’লে- “এই দাৰে সৰু পুতেৰক কাট নহলে আমা দুটাক কাট।”

মাকে উপায়ন্তৰ হৈ কলপাট খনকে ঘুপিয়াই দুডোখৰ কৰি কলে ” তহঁতৰ বংশ ছেদ কৰিছো, তহঁত দুটা মোৰ লগতে থাক আৰু সৰুটোৱে ঘৰৰ পৰা আতৰত ঘৰ সাজি থাকক। ডাঙৰ দুজন পুতেকে এই সিদ্ধান্তত পতিয়ন নগৈ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ উত্তৰ পাৰে লখিমপুৰত থিতাপি লয়।

পাছত মানৰ আক্ৰমনৰ সময়ত তেওঁলোক দুজনৰ ভিতৰৰ সৰুজনে ঢকুৱাখনালৈ যায় আৰু তাতে থাকিবলৈ লয়। তেওঁৰ নাম আছিল বাপু লুখুৰাষণীয়া। এই বাপু বোলা জনে ঢকুৱাখনাৰ কোঁৱৰ গাঁও, বৰপাত্ৰ গাঁও আদি বিভিন্ন ঠাইত বসবাস কৰে। তেওঁ বৰপাত্ৰ বংশৰে ছোৱালী বিয়া কৰাই পাছলৈ দীঘলা গাঁওত নিগাজীকৈ থাকিবলৈ লয়।

১৯৪০ চনৰ পৰা বাপু লুখুৰাষণৰ পো নাতি সকলে গগৈ উপাধি গ্ৰহণ কৰে আৰু আৰু ধেমাজী, গোগামুখ, ঘিলামৰা, আদি অঞ্চলত নিজ নিজ কৰ্ম সূত্ৰে বসবাস কৰিবলৈ লয়। ঢকুৱাখনাৰ বাপু লুখুৰাষণীয়া নিগাজীকৈ থকা ঠাই খণ্ডক বাপু চুক হিচাপে নামকৰণ কৰা হয়।

লুখুৰাষণ ফৈদৰ বিষয়ে জানক

আন আৰ্টিকল পঢক