ভাৰতৰ কৃষি – The Agricultural sector of India. 2023

ভাৰতৰ কৃষি হৈছে ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ।স্বাধীনতাৰ সময়ত অৰ্থাৎ ১৯৫০-৫১ চনত দেশখনৰ মুঠ ঘৰুৱা উৎপাদন কৃষিখণ্ডৰ ওপৰতে নিৰ্ভৰ আছিল। পৰৱৰ্তী সময়চোৱাত ঔদ্যোগিক বিকাশৰ লগে লগে মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত কৃষি খণ্ডৰ বৰঙনি কমি আহিবলৈ ধৰিলে।২০০৭-০৮ চনত মুঠ ঘৰুৱা উৎপাদনত কৃষি খণ্ডৰ বৰঙনি আছিল ১৬.৯%।

অৱশ্যে এই খণ্ডত নিয়োজিত লোকৰ সংখ্যা এতিয়াও যথেষ্ট। ২০০৭-০৮ চনৰ হিচাপ মতে দেশৰ মুঠ কৰ্মৰত জনসংখ্যাৰ প্ৰায় ৬০% লোক কৃষি খণ্ডৰ হৈতে জড়িত।

ভাৰতীয় কৃষিৰ মৌলিক বৈশিষ্ট্য সমূহ-

ভাৰতীয় কৃষিৰ মৌলিক বৈশিষ্ট্য সমূহ হৈছে এনেধৰণৰ,

সৰু আকাৰৰ কৃষি ভূমি- ভাৰতৰ কৃষি ভূমি আকাৰত সৰু আৰু ই কৃষিৰ বাবে মুঠেই মিতব্যয়ী নহয়। ৰাষ্ট্ৰীয় গড় হিচাপত কৃষি ভূমিৰ আকাৰ হৈছে মাত্ৰ ১.৬৯ হেক্টৰ। এনে ধৰণৰ সৰু আকাৰৰ কৃষি ভূমিৰ বাবে ভাৰতৰ কৃষিৰ বিকাশ সঠিক ভাৱে হোৱা নাই।

জল সিঞ্চন- আমাৰ দেশৰ মুঠ কৃষি ভূমিৰ মাত্ৰ ৩০% তহে জলসিঞ্চনৰ ব্যৱস্থা আছে। বাকী ৭০% ভূমি বৰষুণৰ ওপৰত নিৰ্ভৰশীল।

খাদ্য সামগ্ৰীৰ ওপৰত গুৰুত্ব- ভাৰতীয় কৃষক সকলে বিভিন্ন ধৰণৰ খাদ্য শস্য আৰু বানিজ্যিক বা নদদী শস্যৰ খেতি কৰি যদিও খাদ্য শস্যৰ খেতিৰ পৰিমান অধিক দেখা যায়। এনে ধৰণৰ কৃষিৰ দ্বাৰা কেৱল নিজৰ পেটটোহে পোহপাল দিব পৰা যায়।

ভাৰতৰ মুঠ কৃষি ভূমিৰ ৭২.3% ভূমিতে কেৱল খাদ্য শস্যৰ খেতি কৰা হয়। তথাপি খাদ্য শস্যৰ উৎপাদনৰ ক্ষেত্ৰত দেশখনে কেৱল স্বাৱলম্বিতাহে অৰ্জন কৰিব পাৰিছে। বিদেশলৈ ৰপ্তানি কৰা পৰিমান যথেষ্ট কম।

বতৰৰ ওপৰত নিৰ্ভৰশীল- ভাৰতৰ কৃষি কৰ্ম প্ৰধানকৈ বতৰৰ ওপৰত নিৰ্ভৰ্শীল। কিন্তু আচল কথাটো হল যে মৌচুমীৰ প্ৰভাৱ দেশখনৰ সকলো অঞ্চলতে সমভাৱে পৰা নাই। তদুপৰি ই অনিয়মীয়া আৰু অনিশ্চিত। গতিক্ৰ কৃষি কাৰ্যৰ বাবে জলসিঞ্চনৰ খুৱেই প্ৰয়োজন। ভাৰতৰ কৃষিৰ বাবে প্ৰধানকৈ ঋতু দুটা ৰবি আৰু খাৰিফ। অৱশ্যে কিছু কিছু ঠাইত জায়েদ নামৰ আন এক কৃষি ঋতু পালন কৰা হয়।

সফল কামী সেউজ বিপ্লৱ- ভাৰতীয় কৃষিৰ আন এক গুৰুত্বপূৰ্ণ কথা হল যে স্বাধীনতাৰ পৰৱৰ্তী কালচোৱাত ভাৰতৰ কৃষিয়ে গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ খাদ্য শস্য উৎপাদনৰ বৃদ্ধিৰ ক্ষেত্ৰত। স্বাধীনতাৰ পাছত ভাৰতবৰ্ষই খাদ্য শস্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন কৰাৰ লগতে কিছু পৰিমানে ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। কিন্তু স্বাধীনতাৰ আগতে ভাৰতীয় কৃষি খণ্ডৰ অৱস্থা কেনে আছিল আমি বংদেশৰ দূৰ্ভিক্ষৰ কথা মনত পেলালেই অনুমান কৰিব পাৰো।

কৃষিৰ নিম্ন উৎপাদনশীলতা- বিশ্বৰ বিভিন্ন দেশৰ তুলনাত ভাৰতৰ উৎপাদনশীলতা অতি নিম্ন। দেশৰ বিভিন্ন ৰাজ্যৰ মাজত তুলনা কৰিলে দেখা যায় যে সেউজ বিপ্লৱৰ সুফল সকলো ৰাজ্যতে সমানে লাভ কৰা নাই। উদাহৰণ স্বৰূপে ২০০৭-০৮ চনৰ অসমত কৃষিৰ উৎপাদনশীলতা আছিল প্ৰতি হেক্টৰত ১৩৭৮ কেজি, ইয়াৰ বিপৰীতে পঞ্জাৱৰ আছিল ৮২৫৫ কে জি, আৰু হাৰিয়ানৰ ৩৪২০ কেজি।

কৃষি ক্ষেত্ৰত নিম্ন যান্ত্ৰিকীকৰণ- ভাৰতীয় কৃষি ক্ষেত্ৰত আধুনিক যন্ত্ৰ পাতিৰ ব্যৱহাৰ দেশৰ সকলো অঞ্চলতে সমানে কৰা নহয়। পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যত বহুল পৰিমানে যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয় যদিও আন আন ৰাজ্য সমূহত এই সমূহৰ প্ৰচলন কম, আৰু পুৰণা পৰম্পৰাগত পদ্ধতিতে খেতি বাতি কৰা হয়।

প্ৰয়োজনীয় বিপণন আৰু ঋণ ব্যৱস্থাৰ অভাৱ- শীতলিকৃত ভড়াঁলৰ অভাৱৰ ফলত কৃষকে উৎপাদিত শস্য বেছিদিন ধৰি মজুত কৰি ৰাখিৱ নোৱাৰে। আনহতে অনুন্নত যাতায়তৰ বাবে কৃষক সকলৰ সমস্যা দুগুনে বৃদ্ধি পায়। সেইয়ে কৃষকে যথেষ্ট কম মূল্যত সামগ্ৰী সমূহ বিক্ৰী কৰিবলৈ বাধ্য হয়।

স্বাধীনতাৰ পাছত ভাৰতীয় কৃষি উৎপাদৰ ধাৰা-

স্বাধীনতাৰ পৰৱৰ্তী সময়চোৱাত ভাৰতৰ কৃষিৰ বিকাশৰ হাৰ এনেধৰণৰ-

চনকৃষিৰ বিকাশৰ হাৰজি ডি পি বিকাশৰ হাৰ
১৯৫১-১৯৬১৩.৩৩.৮
১৯৬১-১৯৭১২.২৩.৭
১৯৭১-১৯৮১১.৭৩.৩
১৯৮১-১৯৯১৩.৯৫.৭
১৯৯১-২০০০২.৮৬.৭
২০০০-২০০৭২.২৭.২

তালিকাৰ পৰা দেখা গৈছে যে পৰিকল্পনাৰ আটাইকেইটা দশকতে কৃষিৰ বিকাশৰ হাৰ মুঠ ঘৰুৱা উৎপাদনতকৈ কম। অৱশ্যে এটা কথা উল্লেখ কৰিব পাৰি যে সেউজ বিপ্লৱৰ জড়িয়তে ভাৰতৰ কৃষিখণ্ডৰ উন্নয়ন হৈছে। ২০০২ চনত দেশৰ মুঠ খাদ্য শস্যৰ চাৰপ্লাচ আছিল ৫৮ নিযুট টন।

Read Recent Job Notifications.

Read other Articles.

Leave a Comment