[PDF] The last lesson – Assamese translation class 12

Line-by-line Assamese translation of the SEBA class 12 English lesson “The last lesson” by Alphonse Daudet, for the class 12 final year students.

Translation is a very complex process because the meaning of some sentences changes during translation. Here we are not working on the summary of the lesson, the weightage is given to the translation of every sentence and word so that students can read it line by line. Some important words with meaning are also mentioned here.

আলফনছ দাউডেট (১৮৪০-১৮৯৭) এজন ফৰাচী ঔপন্যাসিক আৰু চুটি গল্পৰ লিখক আছিল। “The last lesson”  পাঠটি ফ্ৰাঙ্কো-প্ৰুচিয়ান যুদ্ধৰ সময়ত প্ৰস্তুত কৰা (১৮৭০-১৮৭১) য’ত ফ্ৰান্সক বিস্মাৰ্কৰ নেতৃত্বত প্ৰুছিয়াই পৰাজিত কৰিছিল। তেতিয়াৰ প্ৰুচিয়া বৰ্তমান সময়ৰ জাৰ্মানী, পোলেণ্ড আৰু অষ্ট্ৰিয়াৰ কিছু অংশৰ দ্বাৰা গঠিত আছিল। এই কাহিনীত ফ্ৰান্সৰ এলচেচ আৰু লৰেইন প্ৰুচিয়ান সকলৰ হাতলৈ গৈছিল বা প্ৰুচিয়ান সকলে ফ্ৰান্সৰ এলচেচ আৰু লৰেইন জিলা দখল কৰিছিল। এই কাহিনীটো পঢ়ক আৰু অনুভাৱন কৰক যে এই যুদ্ধৰ প্ৰভাৱ বিদ্যালয়ৰ ওপৰত কেনেধৰণে পৰিছিল।

মই সেইদিনা ৰাতিপুৱা বহু পলমকৈ স্কুললৈ গৈছিলো আৰু সেইবাবে ভয় লাগি আছিল, বিশেষকৈ এম. হামেলে কৈছিল যে তেওঁ আমাক Participles ৰ ওপৰত প্ৰশ্ন সুধিৱ, আৰু মই ইবোৰৰ প্ৰথম শব্দটোও নাজনিছিলো। এক মুহূৰ্তৰ বাবে মোৰ মনলৈ ভাৱ আহিছিল যে পলাই গৈ দিনটো বাহিৰত কটাই দিম। বাহিৰত প্ৰচণ্ড গৰম আৰু উজ্জ্বল  আছিল। অৰণ্যৰ কাষত চৰাইবোৰে চিঞৰি আছিল। আৰু কাঠফলা কলটোৰ পাছ ফালে মুকলি পথাৰত প্ৰুচিয়ান সৈন্যসকলে অভ্যাস কৰি আছিল। এই সকলোবিলাক Participles ৰ নিয়মতকৈ বহু বেছি মনোমোহা (লোভনীয়/আকৰ্ষণীয়) আছিল, কিন্তু মোৰ ওচৰত (এই আকৰ্ষণক) দমন কৰাৰ শক্তি আছিল, আৰু মই বিদ্যালয়লৈ দ্ৰুত গতিৰে আগবাহি গৈছিলো।

মই যেতিয়া সভাকক্ষটো পাৰ হৈ গৈছিলো (টাউনহল) তেতিয়া তাত থকা বাতৰি ফলক খনৰ সম্মুখত যঠেষ্ট ভিৰ দেখা পাইছিলো। যোৱা দুবছৰৰ পৰা সকলো বেয়া খৱৰ এই ফলক খনৰ পৰাই পোৱা হৈছিল। যুদ্ধত পৰাজয়, খচৰা, সেনা অধিকাৰীৰ নিৰ্দেশ আদি। আৰু মই গৈ থকাৰ ভাগতে ভাৱিছিলো কথাটো কি হৱ পাৰে? তাৰ পিছত, মই যিমান সোনকালে যাব পাৰোঁ সিমান দ্ৰুতগতিত আগবাঢ়ি যাৱলৈ চেষ্টা কৰোতে,

তাত ৰৈ বাতৰি পঢ়ি থকা ৱাচ্চাৰ নামৰ কমাৰ জনে   পাছফালৰ পৰা মাত লগালে “ইমান খৰ ধৰকৈ যোৱাৰ প্ৰয়োজন নাই (ইমান খৰ ধৰকৈ নাযাৱা) স্কুল গৈ পাৱলৈ তোমাৰ হাতত বহু সময় আছে।

মই ভাবিছিলো যে তেওঁ মোক উপহাস কৰিছে, আৰু মই একেউশাহতে এম. হামেলৰ সৰু বাগিচাখন পালোহি।

সাধাৰণতে যেতিয়া বিদ্যালয় আৰম্ভ হয়, তেতিয়া তাত যঠেষ্ট হুলস্থূলীয়া এক পৰিৱেশৰ সৃষ্টি হয় আৰু ইয়াক ৰাস্তাৰ পৰাই শুনিবলৈ পোৱা যায়। যেনে- ডেস্ক সমূহ খোলা আৰু বন্ধ কৰাৰ শব্দ, ভালদৰে বুজি পাবলৈ কান হাতেৰে বন্ধ কৰি একেলগে কৰা পাঠৰ পুনৰাবৃত্তি কৰা, শিক্ষকৰ মহান ৰুলাৰ (গ্ৰেট ৰুলাৰ) দালে মেজত টুকুৰিওৱা শব্দ আদি।

কিন্তু এতিয়া সকলো শান্ত হৈ আছে। মোৰ ভৰসা আছিল যে মোক কোনেও দেখা নোপোৱাকৈ মই মোৰ ডেস্কৰ ওচৰ পামগৈ, কিন্তু সচাই সেইদিনা দেওবাৰৰ ৰাতিপুৱাৰ দৰে সকলোবোৰ শান্ত হৈ আছিল।

মই খিৰিকীৰ ফাকেৰে মোৰ সহপাঠী সকলক তেওলোকৰ নিজৰ আসনত বহি থকা আৰু মি হামেলে তেওৰ ভয়ানক লোহাৰৰ এচাৰি ডাল লৈ ইফালে সিফালে পাইচাৰি কৰি থকা দেখা পাইছিলো।

মই দুৱাৰ খন খুলি সকলোৰে সম্মুখেৰে যাব লাগিব। তোমালোকে /আপোনালোকে কল্পনা কৰক মই কিমান লাজ অৰু ভয় খাইছিলো।

কিন্তু একো এনেধৰণৰ একো ন’হল, মি হেমেলে মোক দেখি সাদৰেৰে কলে বালক ফ্ৰেনজ, তোমাৰ আসনলৈ সোনকালে যোৱা, আমি তোমাৰ অবিহনেই আৰম্ভ কৰিছিলো।

মই জাপ মাৰি ডেস্ক খন পাৰ হৈ মোৰ আসনত বহি পৰিছিলো। তেতিয়ালৈকে মোৰ ভয় কিছু হ্ৰাস পাইছিল আৰু দেখিছিলো আমাৰ শিক্ষকে ধুনীয়া সেউজীয়া কোটচোলাৰ সৈতে ফ্ৰিলড চাৰ্ট আৰু সৰু ক’লা ৰঙৰ চিল্কৰ এটা টুপি পৰিধান কৰিছিল। যিটো তেওঁ কেৱল বিদ্যালয় পৰিদৰ্শন আৰু বটাঁ বিতৰণী সভাৰ দিনাহে পৰিধান কৰিছিল। ইয়াৰ বহিৰেও সমগ্ৰ বিদ্যালয়খন আচৰিত আৰু গাম্ভীৰ্যপূৰ্ণ যেন দেখা গৈছিল। কিন্তু মোক সকলোতকৈ বেছি আচৰিত কৰিব পৰা কথাটো আছিল, শেষৰ ফালৰ বেঞ্চ সমূহত গাঁৱৰ বহু মানুহ শান্ত শিষ্ট ভাৱে আমাৰ দৰে বহি আছিল, যিবোৰ সাধাৰণতে খালী হৈ থাকিছিল। বৃদ্ধ হাউচাৰ তেওঁৰ তিনিচুকীয়া টুপিটোৰ সৈতে, প্ৰাক্তন মেৱৰজন, প্ৰাক্তন পোষ্টমাষ্টৰ জন, আৰু আন বহুতো।

সকলো দুখ মনেৰে আছিল আৰু বৃদ্ধ হাউচাৰে এখন পুৰণি শিশুপুথি লগত লৈ আহিছিল। য’ত কাষত বুঢ়া আঙুলিৰে পাঠ লুটিওৱাৰ চিন আছিল। তেওঁ এইখন নিজৰ আঠুৰ ওপৰত ৰাখি ডাঙৰ চচমা জোৰৰ মাজেৰে পৃষ্ঠা সমূহ চকু ফুৰাই চাই আছিল।

মই এই সকলোবোৰ দেখি বিস্মিত হৈছিলো। মি হেমেল নিজৰ চকীত বহিল আৰু মোক সম্বোধন কৰাৰ দৰে একে গাম্ভীৰ্যপূৰ্ণ সুৰত তেওঁ আৰম্ভ কৰিলে- মোৰ ছাত্ৰ ছাত্ৰী সকল, মই তোমালোকক প্ৰদান কৰা এইটোৱে শেষ পাঠ।  বাৰ্লিনৰ পৰা নিৰ্দেশ আহিছে যে এলচেচ আৰু লৰেইনৰ বিদ্যালয় সমূহত কেৱল জাৰ্মান ভাষাৰ শিক্ষা প্ৰদান কৰা হৱ। নতুন শিক্ষক কাইলৈ আহি পাবহি।  এইটোৱে হৱ তোমালোকৰ শেষ ফৰাচী পাঠ। সেয়ে মই তোমালোকে সম্পূৰ্ণ মনোযোগ দিয়াটো বিচাৰো।

এই শব্দকেইটা মোৰ বাবে বিজুলী ধেৰেকনি মৰাৰ দ্বৰে লাগিল। দূৰ্ভগীয়া লোকসকল, এইটোৱে তেওঁলোকে সভাকক্ষত লগাইছিল। মোৰ শেষ ফৰাচী পাঠ, কিয়, মই যেনে তেনে জানিছিলোহে কেনেকৈ লিখিব পাৰি; মই আৰু শিকিবলৈ নাপাম, তেতিয়া হলে মই ইয়াতে থমকি ৰৱ লাগিব!  ওহ মই বৰ দুখিত, ভালদৰে পাঠ সমূহ শিকিবলৈ মন নিদি, চৰাইৰ কনী বিচৰা, পিচলন খনত পিচলি ফুৰা আদি কৰিছিলো।

মোৰ কিতাপবোৰ, অলপ সময়ৰ আগলৈকে সেইসমূহ মোৰ বাবে ডাঙৰ সমস্যা আছিল, কঢ়িয়াবৰ বাবে গধুৰ আছিল, মোৰ ব্যাকৰণ আৰু সাধুসকলৰ ইতিহাস আদিবোৰ পুৰণা বন্ধু হৈ গ’ল, মই এতিয়া এইবোৰ বাদ দিৱ লাগিব আৰু মি হেমেলকো।  তেও ইয়াৰ পৰা গুচি যাৱ, আৰু মই তেওঁক পুনৰ দেখা নাপাম, মই তেওঁৰ এচাৰি ডাল তেওঁৰ কঠোৰতা সমূহ পাহৰি গলো।

বেচেৰা মানুহজন, এইটো তেওঁৰ শেষ পাঠটিৰ সন্মানাৰ্থে সুন্দৰ দেওবাৰৰ কাপোৰযোৰ  পৰিধান কৰি আহিছে। আৰু এতিয়া মই বুজি উঠিছো কিয় গাঁৱৰ বয়ো-বৃদ্ধ ব্যক্তি সকল শেষৰ বেঞ্চত বহি আছে।

কিয়নো তেওলোক দুখিত, যে তেওঁলোকেও বেছিদিন বিদ্যালয়লৈ যোৱা নাছিল। এইয়া তেওঁলোকৰ আমাৰ শিক্ষকৰ চল্লিছ বছৰৰ নিষ্ঠাপূৰ্ণ কৰ্ম আৰু সেই দেশখন যি খন এতিয়া তেওঁলোকৰ নহয় ইয়াক ধন্যবাদ জ্ঞাপন কৰা প্ৰনালী।

যেতিয়া মই এই সকলোবোৰ ভাৱি চিন্তি আছিলো, তেতিয়া মোৰ নাম মতা শুনিছিলো, এতিয়া আবৃতিৰ বাবে মোৰ পাল পৰিল। কোনো ধৰণৰ ভুল নকৰাকৈ Participleৰ নিয়ম সমূহ বহু ডাঙৰকৈ চিয়ঁৰি চিয়ঁৰি মাতিবলৈ মই কি কৰিবলৈ তৈয়াৰ নাছিলো? (Participle ৰ নিয়ম সমূহ এটাও ভুল নকৰাকৈ চিয়ৰি চিয়ৰি মাতিবলৈ মই বহুত ইচ্ছুক আছিলো) কিন্তু প্ৰথম শব্দটোতে মোৰ খেলি মেলি লাগিছিল আৰু মই ডেস্ক খনত ধৰি থিয় হৈ আছিলো। মোৰ বুকি কপি উঠিছিল আৰু ওপৰলৈ মুৰ কৰি চাবলৈ সাহস গোটাব পৰা নাছিলো।

মি হেমেলে মোক উদ্দেশ্য কৰি কোৱা শুনা পাইছিলো, মই তোমাক গালি নিদিও বালক ফ্ৰেঞ্জ, তুমি হয়তো নিজে দুখিত অনুভৱ কৰিছা। চোৱা কেনেকৈ এইটো হৱ পাৰে! সদায় আমি নিজকে কওঁ, বাহ আমাৰ হাতত বহু সময় আছে, আমি কাইলৈ শিকিব পাৰিম। কিন্তু আমি এতিয়া কেনে প্ৰৰ্যায় আহি পালো, এইটোৱে এলচেচৰ আটাইতকৈ ডাঙৰ সমস্যা, যিয়ে অহা কালি শিকিবলৈ থয়।( ভৱিষ্যতে শিকিম বুলি থয়)। এতিয়া সেয়ে বহিৰাগত সকলে কোৱাৰ অধিকাৰ অৰ্জন কৰিলে, তুমালোকে নিজকে ফৰাচী বুলি কোৱা, তথাপি তোমালোকে নিজৰ ভাষাটো কৱও নাজানা আৰু লিখিবই নাজানা। কিন্তু তুমিয়েই আটাইতকৈ বেয়াজন নহয়।

আমি সকলো সমানে দোষী। (আমি সকলোৱে নিজকে দোষ দিব পৰা পৰ্যাপ্ত কাৰণ আছে।) তোমাৰ পিতৃ মাতৃ তোমাৰ পঢ়াৰ প্ৰতি যঠেষ্ট সজাগ নহয়। তেওঁলোকে তুমি পথাৰত বা কল কাৰখানাত কাম কৰাত বেছি গুৰুত্ব প্ৰদান কৰে, কিয়নো তেতিয়া কেইটামান বেছি টকা পোৱা যাৱ।  আৰু মই? মইয়ো নিজকে দোষ দিব লাগিব। কিয়নো প্ৰায়ে মই তোমালোকক পাঠ পঢ়াৰ পৰিৱৰ্তে ফুলগছত পানী দিবলৈ কৈছিলো। আৰু যেতিয়া মই মাছলৈ গৈছিলো তেতিয়া মই তোমালোকক বন্ধ দিয়া নাছিলো নে? তেতিয়া মি হেমেলে কথাৰ পৰিৱৰ্তন কৰি ফৰাচী ভাষাৰ বিষয়ে কৱলৈ আৰম্ভ কৰিলে, ফৰাচী ভাষা পৃথিৱীৰ ভিতৰত সকলোতকৈ সুন্দৰ এটা ভাষা। সৰ্বাধিক স্পষ্ট, সৰ্বাধিক তৰ্কমূলক, আৰু আমি ইয়াক আমাৰ মাজত সংৰক্ষণ কৰিব লাগিৱ। আমি পাহৰি যোৱা উচিত নহৱ। যিহেতু যেতিয়া মানুহ দাস হয়, আৰু যিমান ভালদৰে তেওঁলোকে নিজৰ ভাষাটো ধৰি ৰাখে, আৰু ইয়ে তেওঁলোকৰ দাসত্বৰ পৰা মুক্তি হোৱাৰ চাবিকাঠী।

তাৰপাছত তেওঁ এখন ব্যাকৰণ পুথি উলিয়ালে আৰু আমাৰ পাঠ পঢ়িলে। (আমাক পাঠ পঢ়ি শুনালে) মই বৰ আচৰিত হৈছিলো যে কিমান সুন্দৰকৈ মই বুজি পাইছিলো। তেওঁ কোৱা সকলোবোৰ বৰ সহজ যেন লাগিছিল, মই ভাৱিছিলো মই কেতিয়াও ইমান মনোযোগেৰে শুনা নাছিলো, আৰু তেওঁ ইমান ধৈৰ্যৰে সৈতে বৰ্ণনা কৰা নাছিল। এনে লাগিছিল যে বেচেৰা মানুহজনে তেওঁ জনা সকলোখিনি ইয়াৰ পৰা যোৱাৰ আগতে আমাক দিবলৈ যত্ন কৰিছে। আৰু আমাৰ মগজুত একেবাৰতে সুমিয়াই সিবলৈ বিচাৰিছে।

ব্যাকৰণৰ পাছত আমাৰ লিখনৰ পাঠ আছিল। সেইদিনা মি হেমেলে আমাৰ বাবে সুন্দৰ বক্ৰাকাৰ, হাতেৰে ফ্ৰেঞ্চ এলচাচ ফ্ৰেঞ্চ এলচাচ লিখা নতুন বহী লৈ আহিছিল। এনে লাগিছিল যে সৰু সৰু পতাকা শ্ৰেনী কোঠাৰ চাৰিওফালে ঘূৰি ফুৰিছে যি সমূহ আমাৰ ডেস্ক সমূহৰ ওপৰত ওলমাই থোৱা হৈছে।

তুমি/আপুনি দেখা হ’লে আচম্ভিত হল হেতেঁন, যে কেনেদৰে সকলোৱে নিজৰ কামত লাগি গৈছিল আৰু কিমান নিৰৱতা বিৰাজমান কৰিছিল। কেৱল শব্দ হৈছিল কলমৰ দ্বাৰা বহীৰ পাতত (ঘঁহনি খোৱা) লিখা শব্দ।

এটা সময়ত কিছুমান ভোমোৰা ভিতৰলৈ সোমাই আহিছিল, কিন্তু কোনোৱেই তালৈ ভ্ৰুক্ষেপ কৰা নাছিল আনকি সকলোতকৈ সৰু জনেও, যি মাছ ধৰাৰ বৰশীৰ চিত্ৰ অংকন কৰি আছিল, এনে লাগিছিল সেইয়াও ফৰাচী ভাষা আছিল।

মূধচত কপৌ চৰায়ে সৰুকৈ ৰুণ দি আছিল, আৰু মই নিজে ভাৱিছিলো সিহতেঁ এইবিলাককো (কপৌ চৰাইক) জাৰ্মান ভাষাত গান গাবলৈ বাধ্য কৰিব পাৰিব নে?

মই মোৰ লিখনীৰ পৰা যেতিয়াই চাইছিলো মি হেমেলে স্থিৰ ভাৱে নিজৰ চকীত বহি আছিল, আৰু শ্ৰেনী কক্ষৰ প্ৰত্যেক বস্তু এটাৰ পাছত এটাকৈ চকু ফুৰাই চাইছিল, এনে লাগিছিল যেন তেওঁ তেওঁৰ মস্তিষ্কত শ্ৰেনী কক্ষ দেখাত কেনে আছিল ভৰাই লবলৈ যত্ন কৰিছে। ক্ষন্তেক ভাৱক! চল্লিছ বছৰ তেওঁ একে ডোখৰ ঠাইতে আছে, সেই বাগিচা খনৰ সৈতে, খিৰিকী কহন, আৰু  তেওঁৰ সন্মুখত থকা শ্ৰেনী  কোঠাটো, এনেকৈয়ে।

মাত্ৰ বেঞ্চ ডেস্কবোৰ মিহি হৈ গৈছে, বাগিচাত থকা আখৰোটৰ গছবোৰ ওখ হৈছে, আৰু হ’প ভাইনৰ লতাবোৰ (এক প্ৰকাৰৰ লতা জাতীয় উদ্ভিদ) যিবোৰ খিৰিকীৰে বগাই চালৰ ওপৰ পাইছে, এইবোৰ তেওঁ নিজে ৰুইছিল। বেচেৰা মানুহজন, তেওঁৰ ভনীয়েকে ওপৰত তেওঁলোকৰ বাকচ আৰু বয়-বস্তু জাপি কুচি থাকোতে কৰা শব্দ শুনাৰ লগে লগে তেওঁৰ হিয়া ভাগি গৈছে, কিয়নো তেওঁলোকে কাইলৈ দেশ এৰি থৈ যাৱ লাগিৱ।

কিন্তু তেওঁৰ সকলো পাঠ শেষলৈকে শুনাৰ সাহস আছিল। লিখনৰ পাছত, আমাৰ ইতিহাসৰ পাঠ আছিল, তাৰ পাছত সৰু কেচুৱা বোৰে তেওঁলোকৰ বা, বে, বি, ব, বু আওৰাইছিল। শ্ৰেনী কক্ষৰ পাছফালে বৃদ্ধ হাউচাৰে চচমাজোৰ পিন্ধি, হাতত শিশু পুথি খন লোৱাৰ ভাগতে বৰ্ণ সমূহ সিহতঁৰ সৈতে আওৰাইছিল। তুমি/আপুনি দেখিলে হেতেন যে তেওঁ কান্দি আছিল, তেওঁৰ মাতটো আৱেগত কপি উঠিছিল। তেওঁক যঠেষ্ট আমোদজনক শুনা গৈছিল। আৰু আমি সকলোৱে হাঁহিব আৰু কান্দিৱ বিচাৰিছিলো। আহ, মোৰ কিমান ভালদৰে মনত আছে, সেই শেষ পাঠটো।

হঠাৎ গিৰ্জা ঘৰত বাৰ বজাৰ সংকেট দিলে আৰু প্ৰাৰ্থনাৰ সময় হল। সেই একে সময়তে প্ৰুচিয়ান সেনাৰ অভ্যাসৰ পৰা ঘুৰি অহাৰ শব্দ আমাৰ খিৰিকীৰ কাষত শুনা গৈছিল। মি হামেল থিয় হৈছিল তেওঁ জয় পৰি আছিল, মই তেওঁক কেতিয়াও ইমান আত্মবিশ্বাসী দেখা নাছিলো।

মোৰ বন্ধু সকল তেওঁ কৈছিল, মই- মই কিন্তু তেওঁক কিবা এটাই ৰখাইছিল। তেওঁ কৱ পৰা নাছিল। তেওঁ ব্লেক বোৰ্ডৰ কাষলৈ ঘূৰি গৈছিল আৰু এডাল চক তুলি লৈছিল আৰু পূৰ্ণ শক্তিৰে তেওঁ লিখিছিল- “Vive La France!”  ফৰাচী দীৰ্ঘজীৱি হোৱা।

তাৰ পাছত তেওঁ ৰৈ গৈছিল আৰু নিজৰ মূৰটো বেৰত ভেজা দি কোনো শব্দ নকৰাকৈ হাতেৰে আমাক ইংগিত দিছিল- বিদ্যালয় ছুটী হৈছে, তোমালোক যাৱ পাৰা।

PDF FILE- CLICK HERE

Leave a Comment