
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে আজি ছচিয়েল মিডিয়াৰ জৰিয়তে এণ্ড্ৰিয়া জিয়াম্ব্ৰুনোৰ সৈতে তেওঁৰ প্ৰায় দহ বছৰীয়া সম্পৰ্কৰ সমাপ্তি ঘোষণা কৰে। বাতৰিটোৱে ইটালীৰ ৰাজনীতিৰ লগতে ভাৰতবৰ্ষতে চৰ্চা লাভ কৰিছে।
বহু ব্যক্তিয়ে চচিয়েল মিডিয়াত বিষয়টো বিভিন্ন ধৰণে চৰ্চা কৰিছে। ইটালীৰ ৰাজনীতিত বিশিষ্ট ভূমিকাৰ বাবে জনাজাত মেলোনিয়ে তেওঁৰ অফিচিয়েল ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁৰ ব্যক্তিগত মন্তব্য প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে একেলগে অতিবাহিত কৰা সময়, আৰু একেলগে সন্মুখীন হোৱা সমস্যা সমূহৰ স্মৃতি ৰোমন্থন কৰি প্ৰাক্তন স্বামীৰ প্ৰতি কৃতজ্ঞতা জনাই। তেওঁ স্বীকাৰ কৰে যে সময়ৰ লগে লগে তেওঁলোকৰ পথ সলনি হৈ গৈছে, আৰু তেওঁ এই পৰিস্থিতিৰ বাস্তৱতাক স্বীকাৰ কৰিছে।
বিবৃতিটোত তেওঁলোকৰ একমাত্ৰ কন্যা সন্তান গিনেভ্ৰাৰ কথা উল্লেখ কৰি লিখিছে, গিনেভ্ৰা হৈছে এই সময়ৰ আটাইতকৈ শ্ৰেষ্ঠতম উপহাৰ। যি নিজৰ মাক আৰু দেউতাকক ভাল পায়। তেওঁ লগতে কয় “মই আমাৰ বন্ধুত্ব ৰক্ষা কৰিম, আৰু মই যিকোনো মূল্যত, সাত বছৰীয়া মোৰ কন্যা সন্তানটিক প্ৰতিপালন কৰিম।
বিবৃতিটোৰ শেষাংশত তেওঁ উল্লেখ কৰিছে, পি.এছ. যিসকলে ব্যক্তিগত ভাৱে মোক আঘাট কৰি দুৰ্বল কৰিব পাৰিব বুলি আশা কৰিছিল তেওঁলোকে জানিব লাগিব যে যিমানেই পানীৰ টোপালে খুন্দিয়াই শিলত ফুটা উলিয়াব বুলি আশা নকৰক কিয়, শিলটো শিল হৈ থাকিব আৰু টোপালটো কেৱল পানী হৈ যাব।
La mia relazione con Andrea Giambruno, durata quasi dieci anni, finisce qui. Lo ringrazio per gli anni splendidi che abbiamo trascorso insieme, per le difficoltà che abbiamo attraversato, e per avermi regalato la cosa più importante della mia vita, che è nostra figlia Ginevra.… pic.twitter.com/1IpvfN8MgA
— Giorgia Meloni (@GiorgiaMeloni) October 20, 2023