বৈচিত্ৰ্যময় অসম জাতীয় বিদ্যালয় নৱম শ্ৰেণী দ্ৰুতপাঠ 01/12/2022 FREE BOICHITRAMOI ASSAM

বৈচিত্ৰ্যময় অসম, নৱম শ্ৰেনীৰ পাঠ্যপুথি খন অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা প্ৰকাশিত এক অনন্য পুথি। এই পাঠ্যপুথিখন অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। পাঠ্যপুথিত অসম ৰাজ্যত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী সমূহৰ বিৱৰণ প্ৰদান কৰা দেখা যায়। তলত পাঠ সমূহ একাদিক্ৰমে উল্লেখ কৰা হ’ল-

১) আহোম সকল।

২) কাছাৰৰ জনগোষ্ঠী সকল।

৩) কাৰ্বি সকল।

৪) কোচ ৰাজবংশী সকল।

৫) গৰিয়া, মৰিয়া, দেশী সকল।

৬) গাৰো সকল।

৭) চাওতাল সকল।

৮) চাহ-জনগোষ্টী সকল।

৯) চুতীয়া সকল।

১০) ঠেঙ্গাল কছাৰী সকল।

১১) ডিমাচা সকল।

১২) কলিতা সকল।

চৰকাৰী তথা বে-চৰকাৰী চাকৰিৰ খৱৰৰ বাবে ক্লিক কৰক

বৈচিত্ৰ্যময় অসম নৱম শ্ৰেনী দ্ৰুত পাঠ PDF

) আহোম সকলএই পাঠত আহোম জনগোষ্ঠীৰ বুৰঞ্জী, ৰাজ্য বিস্তাৰ, জনসংখ্যা, জীৱিকা, ঘৰ-দুৱাৰ, খাদ্যাভাস, পানীয়, ধৰ্মবিশ্বাস, বিবাহ, সংস্কৃতি, উপসংহাৰ, আদি বিষয় সন্নিৱিষ্ট কৰা হৈছে। লগতে লাচিত বৰফুকন, শৰাই ঘাটৰ যুদ্ধ, সতী জয়মতী, আৰু আন আন উল্লেখযোগ্য ব্যক্তি সকলৰ জীৱন বুৰঞ্জী সংলগ্ন কৰা হৈছে।

) কাছাৰৰ জনগোষ্ঠী সকলদ্বিতীয় পাঠত কাছাৰ, হাইলাকান্দি, আৰু কৰিমগঞ্জ জিলাত বসবাস কৰা জনগোষ্ঠী সমূহৰ কথা বৰ্ণনা কৰিছে। ইয়াত বিভিন্ন কছাৰী জনগোষ্ঠীৰ ইতিহাসৰ লগতে সমাজলৈ বৰঙনি আগবঢ়োৱা বৰেণ্য ব্যক্তি সকলৰ বিষয়ে লিখিছে।

) কাৰ্বি সকল অসমৰ আন এক প্ৰধান জনজাতি কাৰ্বি সকলৰ ইতিহাস এই অধ্যায়ত বৰ্ণনা কৰা দেখা যায়। লগতে কাৰ্বি জনগোষ্ঠীৰ বসতি, সাঁজ-পাৰ, পিৰা, উৎসৱ পাৰ্বণ আৰু বৰেণ্য ব্যক্তি সকলৰ জীৱন বুৰঞ্জী উল্লখ কৰা হৈছে।

) কোচৰাজবংশী সকলএই অংশত কোচ ৰাজবংশী সকলৰ বৰ্ণনা কৰা হৈছে। বিভিন্ন গৱেষক সকলৰ গৱেষনাৰ ভিত্তিত কোচ ৰাজবংশী সকলৰ ইতিহাস, ভাৰতবৰ্ষৰ ওচৰ চুবুৰীয়া কোচ সকলৰ বসতি, তেওঁলোকৰ ধৰ্ম, আদিৰ ওপৰিও বিভিন্ন পুথি সমূহত উল্লেখ থকা বিৱৰণ সমূহ ইয়াত আলোচনা কৰা হৈছে।

৫) গৰিয়া, মৰিয়া, আৰু দেশী সকল- অসম ৰাজ্যত বসতি কৰা আন জনগোষ্ঠী গৰিয়া মৰিয়া দেশী সকলৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

এনেদৰেই এই পাঠ্যপুথিত আন আন বিভিন্ন জনগোষ্ঠী সমূহৰ ইতিহাস, জীৱন নিৰ্বাহ কৰা প্ৰনালী, কৃষ্টি সংস্কৃতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

পাঠ্যপুথি খনৰ প্ৰতিটো পাঠ পি ডি এফ আকাৰে প্ৰদান কৰা হৈছে।

পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ সমূহ

পাঠ ১) আহোম সকল-

প্ৰশ্ন- আহোমসকল আদিতে কোন জাতিৰ লোক আছিল?

উত্তৰ- আহোম সকল আদিতে টাই জাতিৰ লোক আছিল।

প্ৰশ্ন- আহোম সকলৰ আদি বাসস্থান ক’ত আছিল?

উত্তৰ- আহোম সকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিন পশ্চিম অঞ্চল, বৰ্তমানৰ ইউনান প্ৰদেশৰ মুংমাও ৰাজ্যত।

প্ৰশ্ন- আহোম সকলে কিমান বছৰ ধৰি অসমত শাসন কৰিছিল?

উত্তৰ- আহোম সকলে প্ৰায় ছশ বছৰ কাল অসম ৰাজ্যত শাসত কৰিছিল।

প্ৰশ্ন- আহোম সকলৰ আদি ভাষা কি আছিল?

উত্তৰ- আহোম সকলৰ আদি ভাষা আছিল টাই বা শ্যান ভাষা।

প্ৰশ্ন- আহোমসকলৰ কেইটিমান উৎসৱৰ নাম লিখা।

উত্তৰ- মে-ডাম-মে-ফি, ওমফা, ৰিকখন, জাচিংফা, লাইলুংখাম।

প্ৰশ্ন- চমু টোকা লিখা।

) লাচিত বৰফুকন

উত্তৰ- অসমৰ ইতিহাসৰ দেশপ্ৰমিক বীৰ বুলি ক’লে লাচিত বৰফুকনৰ নাম সকলোৰে আগত লোৱা হয়। প্ৰৱল প্ৰতাপী আহোম ৰাজতন্ত্ৰৰ সেনাপতি হিচাপে লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত ৰামসিংহৰ নেতৃত্বত অহা আগ্ৰাসী মোগল বাহিনীক পৰাজিত কৰি নিজ দেশক বিদেশীৰ পৰা ৰক্ষা কৰিছিল। এই জন মহান যোদ্ধাৰ জন্ম হৈছিল ১৬১২ খ্ৰীষ্টাব্দত। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰ বৰুৱা। সৰুৰে পৰা লাচিত আছিল বৰ সাহসী, আৰু স্পষ্টবাদী। সৰুৰে পৰা লাচিতে দেউতাকৰ কাম কাজ বিলাক প্ৰত্যেক্ষ কৰিছিল। পাচলৈ তেওঁ বৰবৰুৱা হিচাপে স্বৰ্গদেউৰ বৰচ’ৰা, ন্যায়ালয়, আদিৰ কামকাজ সমূহৰো জ্ঞান অৰ্জন কৰিছিল।

দক্ষতাৰ বলত লাচিতে পাচলৈ ৰজাঘৰৰ বিভিন্ন পদত অধিষ্ঠিত হৈছিল। যেনে ঘোঁৰবৰুৱা, দোলীয়া বৰুৱা, শিমলিগুৰীয়া ফুকন, আদি। মিৰজুমলাই অসম আক্ৰমন কৰাৰ সময়ত লাচিতে দিখৌ মুখত শত্ৰু সৈন্যৰ বিপক্ষ্যে অতি পাৰদৰ্শিতাৰে যুদ্ধ কৰি পাছলৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংসৰ দিনত সেনাপতিৰ পদত অধিষ্ঠিত হোৱাৰ পথ প্ৰশস্ত কৰিছিল। ১৬৬৭ চনৰ ২০ আগষ্টৰ পৰা আৰম্ভ হোৱা আহোম-মোগলৰ যুদ্ধত আহোম সেনাৰ মূখ্য সেনাপতি হিচাপে লাচিতে সন্মুখৰ পৰা যুদ্ধ কৰিছিল। যুদ্ধৰ কামত গফিলতি কৰা হেতু লাচিতে নিজৰ মোমায়েকক কাটি দুচোৱা কৰিছিল। তেওঁ কৈছিল “দেশতকৈ মোমাই ডাঙৰ নহয়”।

বহুদিন ধৰি চলা এই যুদ্ধত আহোম সেনাই অৱশেষত মোগল সেনাক ১৬৭১ চনত শৰাইঘাটৰ ৰণত পৰাস্ত কৰি মানাহ নদীলৈকে খেদি পথিয়ালে। মোগলৰ সেনাপতি ৰামসিংহইও লাচিতৰ বিৰত্বৰ কথা স্বীকাৰ কৰিলে।

অসম মাতৃভূমিক মোগলৰ হাতৰ পৰা ৰক্ষা কৰাৰ পাছত মহান সেনাপতি লাচিত বৰফুকন বেছি দিনলৈ জীয়াই নাথাকিল। যুদ্ধৰ বাবে কৰা অপৰিসীম কষ্টৰ কাৰণেই হয়তো তেখেতৰ স্বাস্থ্যৰ অৱনতি হৈ পৰলোক গমন কৰিলে। এই জনা মহান ব্যক্তিৰ অসীম দেশপ্ৰেম আৰু সৱল নেতৃত্বৰ কাহিনীয়ে আজিও অসমীয়া সমাজত প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

) সতী জয়মতী

জয়মতী আছিল গদাধৰ সিংহৰ পত্নী, সমসাময়িক আহোম ৰাজ্যত ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছিল। ৰাজপাট খালী হোৱাত অতি কমবয়সীয়া ছামগুৰীয়া ফৈদৰ ছ্যু-লিক-ফা ক স্বৰ্গদেউৰ পদত অধিষ্ঠিত কৰি লালুকসোলা বৰফুকনে নিজৰ জীয়েকক ৰজালৈ বিয়া দি নিজে উঠি ৰজা বহি ৰজা হ’ল। আগৰ স্বৰ্গদেউ ছু-দ্যৈয়-ফা, আতন বুঢ়াগোঁহাইৰ সমস্ত পৰিয়ালকো ষড়যন্ত্ৰ কৰি হত্যা কৰিলে।

ইয়াৰ পাছতে আন আন কোনো ৰাজকোঁৱৰে যাতে ছ্যু-লিক-ফা ক আঁতৰ কৰি ৰজা হ’ৱ নোৱাৰে তাৰ বাবে সকলো ৰাজকোঁৱৰকে অঙ্গক্ষত কৰাৰ পৰিকল্পনা কৰিলে। ইতিমধ্যে বহু সংখ্যক ৰাজকোঁৱৰ ইয়াৰ বলি হ’ল। তুংখুঙীয়া ফৈদৰ সকলো ৰাজকোঁৱৰকে হত্যা কৰিলে, গদাপানীক পত্নী জয়মতীয়ে নগাৰ বেশত নগাপাহাৰলৈ জোৰকৈ পলুৱাই পঠালে। এই বৰ্তা শুনি লালুকসোলাই জয়মতীক ৰাজসভালৈ মতাই আনি গদাপানিৰ বাৰ্তা শুধিলে। জয়মতীয়ে কোনো উত্তৰ নিদিলে। লালুকসোলাই চাওডাঙৰ হতুৱাই জয়মতীক কঠোৰতম শাস্তি বিহিলে। গাত গৰম পানী ধালি দিয়া হ’ল, পিঠিত চমাতৰে কোবোৱা হ’ল, সৰ্ব শৰীৰত চুৰাট পাত লগাই দিলে, তথাপি জয়মতীয়ে গদাপানিৰ কোনো ধৰনৰ বাতৰি নিদিলে।

এইদৰে চৈধ্য দিন জীয়াতু ভুগি অৱশেষত ১৬৭৯ চনৰ অসমীয়া চ’ত মাহত সতী জয়মতীয়ে নশ্বৰদেহ ত্যাগ কৰিলে। জয়মতীৰ এই মহান ত্যাগৰ ফলতেই দেশ তথা স্বামী গদাধৰ সিংহ ৰক্ষা পৰিল। নিজ স্বামীৰ প্ৰতি কোনো মহিলাৰ এনে ত্যাগ সমগ্ৰ বিশ্বতে বিৰল। পাছলৈ সতী জয়মতীৰ জ্যেষ্ঠ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই জেৰেঙা পথাৰত ১৬৯৭ চনত সাগৰ সদৃশ বৃহৎ পুখুৰী জয়সাগৰ পুখুৰী খন্দালে যি আজিও বিৰাজমান। জয়সাগৰ পুখুৰী আৰু মৈদামে এতিয়াও সতী জয়মতীৰ স্মৃতি সজিৱ কৰি ৰাখিছে।

) টেঙাই মহন

অসমৰ প্ৰধান অভিধান প্ৰণেতা টেঙাই মহনৰ জন্ম হৈছিল ১৭১৫ চনত চৰাইদেউত মহুং পৰিয়ালৰ তকম্বৰিৰ ঘৰত। আহোম শাসনৰ শেষৰফালে টাই ভাষাৰ লুপ্তপ্ৰায় অৱস্থাত পুৰণি টাই ভাষাত লিখিত পুথি পাজি তথা আন আন নথি পত্ৰ সমূহ বুজি পোৱা আৰু নৱপ্ৰজন্মই যাতে টাই ভাষা শিকিব পাৰে এখন আহোম অভিধানৰ বহু দৰকাৰ হৈছিল। সেয়েহে টেঙাই মহনে এই কাম হাতত লয়। ১৭৭৫ চনত গৌৰীনাথ সিংহ স্বৰ্গদেউৰ সময়ত ‘বৰ কাকত হু মুং পুথি’ নামেৰে এখনি অভিধান ৰচনা কৰে। সাঁচিপাতত লিখা এই পুথিখনত মুঠ ৪২ খিলা পাত আছিল। তেখেতক আহোম ভাষাৰ পুথিৰ ভাঙনিৰ বাবে ইংৰাজ চাহবে বিলাতলৈ লৈ গৈছিল বুলি জনা যায়। এই মহান ব্যক্তি জনৰ ১৮২৩ চনত পৰলোক প্ৰাপ্তি হয়।

৪)

) কৃষ্ণকান্ত সন্দিকৈ

কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল যোৰহাটত। তেওঁৰ পিতৃৰ নাম আছিল ৰাধাকৃষ্ণ সন্দিকৈ আৰু মাতৃৰ নাম আছিল নাৰায়ণী সন্দিকৈ। ১৯১৩ চনত যোৰহাট হাইস্কুলৰ পৰা প্ৰথম বিভাগত বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈ কটেন কলেজত পঢ়ে। তাৰ পৰা প্ৰথম বিভাগত আই এ পৰীক্ষাত পাছ কৰি কলিকতালৈ যায় আৰু ইয়াৰ পাছত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিভাগত ১৯২৩ চনত এম এ উপাধি লাভ কৰে। সন্দিকৈ দেৱ বিভিন্ন বিদেশী ভাষাৰ লগে সংস্কৃতত অগাধ পণ্ডিত আছিল।

তেওঁৰ প্ৰকাশিত ইংৰাজী গ্ৰন্থ তিনিখন- শ্ৰী হৰ্ষৰ নৈষধ চৰিতৰ ইংৰাজী অনুবাদ আৰু টীকা সম্বলিত পুথি ‘নৈষধ চৰিত’ (১৯৩৪), সোমদেৱৰ যশস্তিলকৰ ভিত্তিত ৰচিত পুথি ‘যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ (১৯৪৯), আৰু “সেতুবন্ধন’। ১৯৫১ চনত ভাৰতীয় প্ৰাচ্যবিদ্যা সন্মিলনৰ সভাপতি, ১৯৫৩ চনত আন্ত:বিশ্ববিদ্যালয় সমিতিৰ সভাপতিত্ব কৰিছিল। অসমীয়া হাতেলিখা আলোচনী, বাহীঁ, মিলন, আৱাহন, চেতনা, আদি আলোচনী আৰু কাকতত তেওঁৰ লিখা প্ৰকাশ পাইছিল। ১৯৫৫ চনত পদ্মশ্ৰী, আৰু ১৯৬৭ চনত পদ্মভূষন উপাধিৰে বিভূষিত হৈছিল। গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেওঁক ডি লিট উপাধি প্ৰদান কৰিছিল।

বৈচিত্র্যময় অসম আহোম সকল বৈচিত্র্যময় অসম নৱম শ্ৰেণী কাছাৰৰ জনগোষ্ঠীসকল নৱম শ্ৰেণী বৈচিত্র্যময় অসম আহোম সকল বৈচিত্র্যময় অসম দশম শ্ৰেণী বৈচিত্র্যময় অসম syllabus বৈচিত্র্যময় অসম class 9 আদিপাঠ বৈচিত্র্যময় অসম class 9 chapter 1 বৈচিত্র্যময় অসমclass 9 chapter 7 বৈচিত্র্যময় অসম class 9 question answer

  • অসমীয়া যিকোনো এখন পাঠ্যপুথি বিশ্লেষন কৰা।বৈচিত্ৰ্যময় অসম, নৱম শ্ৰেনীৰ পাঠ্যপুথি খন অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা প্ৰকাশিত এক অনন্য পুথি। এই পাঠ্যপুথিখন অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। পাঠ্যপুথিত অসম ৰাজ্যত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী সমূহৰ বিৱৰণ প্ৰদান কৰা দেখা যায়।Add Image
  • বৈচিত্র্যময় অসম syllabus?১) আহোম সকল।
    ২) কাছাৰৰ জনগোষ্ঠী সকল।
    ৩) কাৰ্বি সকল।
    ৪) কোচ ৰাজবংশী সকল।
    ৫) গৰিয়া, মৰিয়া, দেশী সকল।
    ৬) গাৰো সকল।
    ৭) চাওতাল সকল।
    ৮) চাহ-জনগোষ্টী সকল।
    ৯) চুতীয়া সকল।
    ১০) ঠেঙ্গাল কছাৰী সকল।
    ১১) ডিমাচা সকল।
    ১২) কলিতা সকল।Add Image
  • বৈচিত্র্যময় অসম আহোম সকলআহোম সকল- এই পাঠত আহোম জনগোষ্ঠীৰ বুৰঞ্জী, ৰাজ্য বিস্তাৰ, জনসংখ্যা, জীৱিকা, ঘৰ-দুৱাৰ, খাদ্যাভাস, পানীয়, ধৰ্মবিশ্বাস, বিবাহ, সংস্কৃতি, উপসংহাৰ, আদি বিষয় সন্নিৱিষ্ট কৰা হৈছে। লগতে লাচিত বৰফুকন, শৰাই ঘাটৰ যুদ্ধ, সতী জয়মতী, আৰু আন আন উল্লেখযোগ্য ব্যক্তি সকলৰ জীৱন বুৰঞ্জী সংলগ্ন কৰা হৈছে।